KVK Udalguri
 KVK Udalguri FAQ
প্ৰশ্ন : আহুঁ ধানত সাৰ প্ৰয়োগৰ ব্যৱস্হাৱলী ?
উত্তৰ : অনুমোদিত ৰাসায়নিক সাৰ যেনে : ইউৰীয়া, ফচফৰাচ আৰু পটাচ সাৰৰ ১/৩ অংশ ইউৰীয়া, একক চুপাৰ ফচফেট আৰু পটাছ সাৰৰ সমুদায় মাটিডৰা শেষৰবাৰ হাল বোৱাৰ সময়ত প্ৰয়োগ কৰিব ৷ বাকীথকা ইউৰীয়া সাৰ ১/৩ অংশ পোখা মেলাৰ সময়ত আৰু ১/৩ অংশ গেৰধৰাৰ সময়ত প্ৰয়োগ কৰিব ৷
 
প্ৰশ্ন : বিলাহী গছত পাত মেৰুৱা বেমাৰৰ প্ৰতিকাৰ ?
উত্তৰ : ১৫ দিনৰ ব্যৱধানত ৰ’গৰ নামৰ কীটনাশক ঔষধ ২ মি: লিটাৰকৈ ১ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব ৷
 
প্ৰশ্ন : কবি খেতিত পাত খোৱা পোকৰ নিয়ন্ত্ৰণ ?
উত্তৰ : ১৫ দিনৰ ব্যৱধানত এন্দোচালফান নামৰ ঔষধ ২ মি: লিটাৰকৈ ১ লিটাৰ পানীত মিহলাই গছত স্প্ৰে কৰিব ৷
 
প্ৰশ্ন : গাই গৰুৰ পৰা গাখীৰৰ পৰিমান বঢ়োৱাৰ উপায় ?
উত্তৰ : গৰুৰ খাদ্যৰ লগত ৰেন’মিক্স নামৰ দ্ৰব্য মিহলাই খোৱাৰ ব্যৱস্হা কৰক আৰু উচ্চ প্ৰটিন থকা ঘাঁহ যেনে লেচেৰামাহ, বাৰচিম আৰু লুচাৰ্ণ আদি যোগান ধৰক ৷
 
প্ৰশ্ন : লাওঁজাতীয় শস্যৰ গছৰ পৰা ফলবোৰ পৈণত হোৱাৰ আগেয়ে সৰি নোযোৱাৰ ব্যৱস্হাৰ বিষয়ে জানিব পাৰিমনে ?
উত্তৰ : প্লেনফিক্স নামৰ ঔষধটো ১০০ পি:পি:এম: গাঢ়তাৰ এটা মিশ্ৰণ পানীৰ লগত মিহলায় স্প্ৰে কৰিব নাইবা ইথাৰেল নামৰ ঔষধ ২৫ পি:পি:এম: স্প্ৰে কৰিলেও এই সমস্যাৰ সমাধান পাব ৷
 
প্ৰশ্ন : কলগছ লগাবলৈ গাঁতটোৰ দ’ আৰু ব্যৱধান কিমান হ’ব লাগে ?
উত্তৰ : গাতটোৰ দ’ ৪৫ X ৪৫ X ৪৫ চে:মিটাৰ আৰু দূৰত্ব ২.১ X ২.১ মিটাৰ মান হ’ব লাগে যদি কলজোপা মধ্যমীয়া ওখ জাতৰ হয় ৷
 
প্ৰশ্ন : উন্নত আৰু অধিক উৎপাদনক্ষম জাতৰ শালি, আহু আৰু বৰোধানৰ বীজ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা পাব পাৰি নেকি ?
উত্তৰ : অসম কৃষি বিশ্ববিদ্যালয়ৰ অধিনত ধান গবেষণা কেন্দ্ৰত উন্নত আৰু অধিক উৎপাদনক্ষম ধানৰ জাতৰ বীজ পাব পাৰি ৷ তাৰ বাবে মুখ্য বিজ্ঞানী, ধান গবেষণা কেন্দ্ৰ, তিতাবৰ, যোৰহাটৰ লগত যোগাযোগ কৰি বীজ আহৰণ কৰিব পাৰিব ৷
প্ৰশ্ন : আলুৰ ব্লাইট বেমাৰৰ প্ৰতিকাৰৰ বিষয়ে জনাব নেকি ?
উত্তৰ : ইন্দফিল এম ৪৫ বা ৰিদ’মিল নামৰ ভেঁকুৰ নাশক ঔষধ ২ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলায় স্প্ৰে কৰিব ৷ বেমাৰ দেখা পোৱা মাত্ৰকে এই ঔষধ ব্যৱহাৰ কৰিব আৰু প্ৰতি ১৫ দিনৰ ব্যৱধানত স্প্ৰে কৰি থাকিব ৷
 
প্ৰশ্ন : গাহৰিৰ গাত ঘাঁ লাগিলে কি উপায়ে ইয়াক নিম্ৰ্মূল কৰিব পাৰিম ?
উত্তৰ : ঘাঁ লগা ঠাইখিনি পটাচিয়াম পাৰ মেঙ্গেনেটেৰে ভালদৰে ধুব লাগে ৷ তাৰ পিছত ট্ৰপিকিওৰ নামৰ ঔষধটো স্প্ৰে কৰিব লাগে আৰু মেকফি ২৫০ এম. জি নামৰ ঔষধটো একেলেথাৰিয়ে ৫ দিনৰ বাবে বেজি দিয়াব লাগে আৰু লগতে এজন পশু চিকিৎসকৰ সহায় লব ৷
 
প্ৰশ্ন : জলকীয়া গছতে গেলি যোৱাৰ পৰা বচাবলৈ কি উপায় আছে ?
উত্তৰ : ১৫ দিনৰ ব্যৱধানত ডায়েথেন এম ৪৫, ২ মি: লিটাৰ প্ৰতি লিটাৰ পানীত মিহলায় স্প্ৰে কৰিব ৷
 
প্ৰশ্ন : সূৰ্য্যমুখী ফুলৰ খেতি কৰিবলৈ বছৰৰ কোনটো মাহৰ পৰা কৰিব পাৰি ?
উত্তৰ : নবেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত সূৰ্য্যমুখী ফুলৰ খেতি অসমত কৰিব পাৰি ৷
 
প্ৰশ্ন : অসমত ৰবৰখেতি কৰিবলৈ আৰ্থিক সহায় কি দৰে পাব পাৰি ?
উত্তৰ : অসমত থকা ৰাবাৰ বৰ্ডৰ অফিচত খা খবৰ কৰক ৷ জানিব পৰা মতে বৰ্ডে ৫ হেক্টৰ মাটিত খেতি কৰিবলৈ ২০,০০০ – ১৬,০০০ হেজাৰ টকালৈকে আৰ্থিক অনুদান আগ বঢ়ায় ৷
 
প্ৰশ্ন : আদা গছ পচি যোৱাৰ পৰা ৰক্ষা পাবলৈ কি উপায় আছে ?
উত্তৰ : মেনক’জেব নামৰ ভেঁকুৰ নাশক ঔষধটো ২ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলায় গছৰ গুৰিত ঢালি দিয়ক ৷
 
প্ৰশ্ন : মাটি কঠালৰ খেতি বছৰৰ কোনটো সময়ৰ পৰা কৰিব পাৰি ?
উত্তৰ : অসমত মাটি কঠালৰ খেতি এপ্ৰিলৰ পৰা আৰম্ভ কৰি অক্টোবৰ মাহলৈকে কৰিব পাৰি ৷ কিন্তু শীতকালি যদি জলসিঞ্চনৰ ব্যৱস্হা থাকে ইয়াক শীতকালিও কৰিব পাৰি ৷
 
প্ৰশ্ন : ৰঙালাওৰ ফুলফুলাৰ মাত্ৰা বঢ়াবলৈ কি উপায় আছে ?
উত্তৰ : গছজোপা দুপতীয়া হোৱাৰ লগে লগে জি এ ৩ নামৰ হৰমনটো ২০০-৩০০ পি পি এমৰ মিশ্ৰণ কৰি স্প্ৰে কৰক ৷
 
প্ৰশ্ন : তামোল গছতে ফাটি যোৱাৰ পৰা পৰিত্ৰাণ পাবলৈ উপায় কি ?
উত্তৰ : বৰাক্স (সুংগা) ২ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলায় ফুল ফুলাৰ আগেয়ে স্প্ৰে কৰক ৷ মাটিডৰাৰ পৰা পানী সহজে ওলাই যাব পৰা ব্যৱস্হা কৰক ৷
 
প্ৰশ্ন : বিলাহী গছ লেৰেলি যোৱাৰ পৰা ৰক্ষা পাবলৈ কি ব্যৱস্হা কৰিম ?
উত্তৰ : এসপ্তাহৰ ব্যৱধানত স্প্ৰেট’মাইচিন নামৰ ঔষধ ২ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰক ৷
 
প্ৰশ্ন : গান্ধীপোকৰ পৰা ৰক্ষা পাবলৈ কি ব্যৱস্হা আছে ?
উত্তৰ : মালাথিয়ন ৫ শতাংশ পাউদাৰ প্ৰতি বিঘাত ৩ কি:গ্ৰাম ঔষধৰ পৰিমাণত প্ৰয়োগ কৰক ৷
 
প্ৰশ্ন : লাওঁজাতীয় শস্যত মতা পুষ্পৰ সমস্যাৰ বিষয়ে কব নেকি ?
উত্তৰ : এন এ এ নাইবা ইথাৰেল নামৰ হৰমনটো ১০০ পি পি এম মিশ্ৰণেৰে স্প্ৰে কৰিলে এই সমস্যাৰ পৰা ৰক্ষা পৰিব ৷
 
প্ৰশ্ন : ভেনিলাৰ ব্যৱসায় কৰিবলৈ অসমৰ কোনটো প্ৰতিস্হানৰ লগত যোগাযোগ কৰিব লাগিব ?
উত্তৰ : বাণিজ্য বিভাগ, মছলা বৰ্ড, আঞ্চলিক কাৰ্য্যলয়, গুৱাহাটী, অসমৰ লগত যোগাযোগ কৰক ৷
 
প্ৰশ্ন : শালিধানৰ চৰহা পোকৰ উপদ্ৰবৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি ?
উত্তৰ : ধানৰ ফুলফুলাৰ সময়ত নুভাক্ৰন ৪০ ই চি ঔষধ ২ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলায় স্প্ৰে কৰক ৷
 
প্ৰশ্ন্ন : কৃষি বিষয়ত প্ৰশিক্ষণ পাবলৈ কি দৰে আগবাঢ়িব লাগিব বা কাৰ লগত যোগাযোগ কৰিব লাগিব ?
উত্তৰ : বিভিন্ন অনুস্হান প্ৰতিস্হানে বছৰৰ বিভিন্ন সময়ত কৃষিৰ ওপৰত প্ৰশিক্ষণৰ ব্যৱস্হা কৰে ৷ ইয়াৰ ভিতৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধিনত কৃষি বিজ্ঞান কেন্দ্ৰ্ৰ সমুহেও প্ৰত্যেক জিলাত কৃষিৰ বিভিন্ন বিষয়ৰ ওপৰত প্ৰশিক্ষণৰ ব্যৱস্হা কৰি আহিছে ৷ গতিকে আপোনাৰ জিলাত অৱস্হিত কৃষি বিজ্ঞান কেন্দ্ৰ্ৰত যোগাযোগ কৰক নতুবা সম্প্ৰসাৰণ সঞ্চালকালয়, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট – ৭৮৫০১৩ তো যোগাযোগ কৰিব পাৰে ৷
data source: www.briddhi.aau.ac.in
KVK Udalguri
             
             
  Webmaster::
Copyright © 2015, KVK, Udalguri, AAU, All rights reserved.
Home About Us Disclaimer  
  Pranabesh Barman, PAC, KVK, Udalguri  
 
No. of Hits
web counter